
ভলতেয়ৰ (২১ নৱেম্বৰ ১৬৯৪ – ৩০ মে ১৭৭৮) ফ্ৰান্সৰ বৌদ্ধিক জাগৰণ যুগৰ এজন মহান লেখক, নাট্যকাৰ আৰু দাৰ্শনিক আছিল। তেওঁৰ প্ৰকৃত নাম আছিল ফ্ৰাঙ্কোইচ-মেৰী আহো। তেওঁ নিজৰ বুদ্ধি, দাৰ্শনিক মনোভাৱ আৰু নাগৰিক স্বাধীনতাৰ (ধৰ্মৰ স্বাধীনতা আৰু মুক্ত বাণিজ্য) সমৰ্থনৰ বাবেও জনাজাত।
ভলতেয়ৰে সাহিত্যৰ প্ৰায় প্ৰতিটো ধাৰাতে লিখিছিল। তেওঁ নাটক, কবিতা, উপন্যাস, প্ৰবন্ধ, ঐতিহাসিক আৰু বৈজ্ঞানিক লিখনি আৰু ২০,০০০ তকৈও অধিক চিঠি আৰু পত্ৰিকা ৰচনা কৰিছিল।
সেই সময়ত ফ্ৰান্সত অভিব্যক্তিৰ ওপৰত বিভিন্ন প্ৰতিবন্ধকতা আছিল যদিও তেওঁ সামাজিক সংস্কাৰৰ সপক্ষে মুকলিকৈ কথা পাতিছিল। তেওঁৰ ৰচনাসমূহৰ জৰিয়তে তেওঁ ৰোমান কেথলিক গীৰ্জা আৰু অন্যান্য ফৰাচী প্ৰতিষ্ঠানসমূহৰ উপহাস কৰিছিল।
প্ৰাৰম্ভিক জীৱন
১৬৯৪ চনৰ ২১ নৱেম্বৰত ফ্ৰান্সৰ পেৰিছ নামৰ এখন চহৰত ভলতেয়ৰৰ জন্ম হৈছিল। তেওঁৰ পিতৃ ফ্ৰান্সোৱা আৰোৱেট চৰকাৰী কোষাগাৰৰ এজন নটাৰী আৰু সাধাৰণ বিষয়া আছিল। মাতৃ মেৰী মাৰ্গাৰেট ডোমাৰ ফ্ৰান্সৰ পোৱাটু প্ৰদেশৰ এক সম্ভ্ৰান্ত পৰিয়ালৰ কন্যা আছিল। তেওঁলোকৰ পাঁচটা সন্তানৰ ভিতৰত ভলতেয়ৰ আছিল আটাইতকৈ সৰু। ১৭০৪ চনৰ পৰা ১৭১১ চনলৈকে ভলতেয়ৰে জেছুইট পাদ্ৰীসকলৰ তত্ত্বাৱধানত কলেজ লুই-লে-গ্ৰেণ্ডত অধ্যয়ন কৰিছিল। ইয়াতেই তেওঁ লেটিন আৰু গ্ৰীক ভাষা শিকিছিল। পৰৱৰ্তী সময়ত তেওঁ ইটালীয়ান, স্পেনিছ আৰু ইংৰাজী ভাষাও শিকিছিল।
