
নীল নদী (আৰবী: النيل, আৰবী উচ্চাৰণ:, Egyptian: iteru, অৰ্থাৎ "নদী", Coptic: ⲫⲓⲁⲣⲱ) আফ্ৰিকা মহাদেশ অৱস্থিত পৃথিৱীৰ আটাইতকৈ দীঘল নদী। ইয়াৰ দৈৰ্ঘ্য ৬,৮৫৩ কিমি (৪,২৫৮ মাইল)। নীল নদীক এক আন্তIৰ্জাতিক নদী বুলি গণ্য কৰা হয়, কিয়নো ইয়াৰ জলসম্পদ এঘাৰখন দেশে ব্যৱহাৰ কৰে। এই দেশসমূহ হৈছে, টানজানিয়া, উগাণ্ডা, ৰাৱাণ্ডা, বুৰুণ্ডি (Burundi), কংগো-কিনছাছা (Congo-Kinshasa), কেনিয়া (Kenya), ইথিঅ’পিয়া (Ethiopia), এৰিট্ৰিয়া (Eritrea),পশ্চিম চুডান ( South Sudan), চুডান (Sudan) আৰু ইজিপ্ট (Egypt) প্ৰধানকৈ ইজিপ্ট আৰু চুডানৰ বাবে নীল নদীয়ে মূল পানীৰ উৎস।
নীল নদীৰ মূল অংশ দুটা- শুভ্ৰ নীল (White Nile) আৰু নীলা নীল ( Blue Nile)। শুভ্ৰ নীল দৈৰ্ঘ্য অধিক আৰু ইয়াৰ উৎপত্তি হৈছে কেন্দ্ৰীয় আফ্ৰিকাৰ গ্ৰেইট লেক (Great Lakes) অঞ্চলত। ই টানজানিয়া, লেক ভিক্টোৰিয়া, উগাণ্ডা আৰু দক্ষিণ চুডানৰ মাজেৰে বৈ গৈছে। নীলা নীল ইথিয়’পিয়াৰ লেক টানা (Lake Tana) ত আৰম্ভ হৈছে আৰু পূবা-দক্ষিণাকৈ চুডানলৈ বৈ গৈছে। এই দুয়োখন নৈ চুডানৰ ৰাজধানী Khartoum ত মিলিত হৈছে।
নীলনদীৰ উত্তৰ অংশটো চুডানৰ মৰুভূমিৰ মাজেৰে প্ৰবাহিত হৈ গৈ ইজিপ্তলৈ গৈছে শেষত ই ভূমধ্য সাগৰত মিলিত হৈছেগৈ। ঐতিহাসিক কালৰে পৰা ইজিপ্টৰ সভ্যতা আৰু চুডানৰ সাম্ৰাজ্য এই নদীৰ ওপৰত নিৰ্ভৰশীল হৈ আহিছে। ইজিপ্টৰ জনসংখ্যাৰ অধিকাংশই নীলনদীৰ পাৰত অৱস্থিত। প্ৰাচীন ইজিপ্টৰ ভালেসংখ্যক সাংস্কৃতিক তথা ঐতিহাসিক কৃতীচিহ্ন এই নদীৰ পাৰত পোৱা যায়।
প্ৰাচীন ইজিপ্টৰ ভাষাত নীল নদীক Ḥ'pī বা Iteru বুলি উল্লেখ কৰা হৈছিল যাৰ অৰ্থ হৈছে ’নদী’। কাষৰ চিত্ৰত ইয়াৰ hieroglyphs নমুনা দেখুওৱা হৈছে।
গতিপথ




Khartoum ৰ ওপৰলৈ নীল নদীক শুভ্ৰ নীল (White Nile) বুলিও কোৱা হয়। এই স্থানতে এই নদী নীলা নীল (Blue Nile) ৰ সৈতে সংযুক্ত হৈছে। শুভ্ৰ নীলনদী পূব আফ্ৰিকাত আৰু নীলা নীল ইথিঅ’পিয়াত আৰম্ভ হৈছে।
নীলনদীৰ drainage basin ৰ কালি প্ৰায় ৩২,৫৪,৫৫৫ বৰ্গ কি.মি. (৩.২৫৪৫৫৫×১০১২ বৰ্গ মিটাৰ), যি আফ্ৰিকাৰ প্ৰায় ১০% মাটিকালিৰ সমতুল্য।
আলোকচিত্ৰৰ ভঁৰাল











লগতে চাওক
- Jeal, Tim (2011). Explorers of the Nile: The Triumph and Tragedy of a Great Victorian Adventure. ISBN 978-0-300-14935-7
- Tvedt, Terje, ed. The River Nile in the Post-Colonial Age: Conflict and Cooperation Among the Nile Basin Countries (I.B. Tauris, 2010) 293 pages; studies of the river's finite resources as shared by multiple nations in the post-colonial era; includes research by scholars from Burundi, Congo, Egypt, Ethiopia, Kenya, Rwanda, Sudan, Tanzania, and Uganda.
বাহ্যিক সংযোগ
- A Fact File about the Nile River
- Comparison between the Nile and Amazon Rivers
- Bibliography on Water Resources and International Law Archived 2011-02-09 at the Wayback Machine
- Information and a map of the Nile's watershed Archived 2005-03-05 at the Wayback Machine
- Essay: The Inscrutable Nile at the Beginning of the New Millennium
- A Struggle Over the Nile – slideshow by The New York Times
- Thesis Analyzing Nile River Negotiations
- BBC: Amazon river 'longer than Nile'
- John Feeney, The Last Nile Flood, 2006, Saudi Aramco World Archived 2014-12-29 at the Wayback Machine
- অপেন ষ্ট্ৰীট মেপত নীল নদী বিষয়ক ভৌগোলিক তথ্য আছে।
