factograf
AS

নবীৰ সহযোগীসকল

ছাহাবা

ছাহাবা

ইছলাম ধৰ্মত ছাহাবী শব্দৰ (আৰবী: الصحاب সহচৰ) দ্বাৰা মুহাম্মাদ (চাল্লাল্লাহু আলাইহি ওয়া ছাল্লাম)ৰ স্বাথী বা সহচৰসকলক নিৰ্দেশ কৰে। ইয়াৰ বহুবচন শব্দ হ'ল ছাহাবা।

সংজ্ঞা

‘ছাহাবী’ শব্দটো আৰবী ভাষাৰ ‘ছুহবত’ শব্দৰ এটা ৰূপ। একবচনত ‘ছাহেব’ ও ‘ছাহাবী’ আৰু বহুবচনত ‘ছাহাব’ ব্যৱহৃত হয়। আভিধানিক অৰ্থ হ'ল সংগী, স্বাথী, সহচৰ, একেলগে জীৱন যাপনকাৰী অথবা সাহচৰ্য অৱস্থানকাৰী। ইছ মলমী পৰিভষাত ‘ছাহাবা’ শব্দটোৰ দ্বাৰা ৰাছুলুল্লাহ মুহাম্মাদ (ছাঃ)ৰ মহান সংগী-স্বাথীসকলক বুজায়। ‘ছাহেব’ শব্দটোৰ বহুবচনৰ আৰু কেইবাটাও ৰূপ আছে। কিন্তু ৰাছুলুল্লাহ মুহাম্মাদ (ছাঃ)ৰ সংগী-স্বাথীসকলক বুজাবলৈ‘ছাহেব’-ৰ বহুবচনত ‘ছাহাবা’ ৰ উপৰিও ‘আছহাব’ আৰু ‘ছাহব’ও ব্যৱহৃত হোৱা দেখা যায়।

আল্লামা ইবনে হাজাৰ ৰাহঃ ‘আল–ইছাবা ফী তাময়ীযিছ ছাহাবা’ গ্ৰন্থত ছাহাবীৰ সংজ্ঞা দিবলৈ গৈ কৈছেঃ

"ছাহাবী হ'ল সেইজন ব্যক্তি, যিজনে ৰাছুলুল্লাহ মুহাম্মাদ (ছাঃ)ৰ প্ৰতি বিশ্বাস সহকাৰে তেখেতৰ সাক্ষাৎ লাভ কৰিছে আৰু ইছলামৰ ওপৰতেই মৃত্যুবৰণ কৰিছে। "

Read next

In 75 languages

Text from Wikipedia, CC BY-SA 4.0 · Source article