য়াজিদি (ইংৰাজী: Yazidi) কূৰ্দিছ আৰু আৰবী ভাষী এটা জাতি। এওঁলোক জ'ৰ'ষ্ট্ৰীয়ানিজম (Zoroastrianism) আৰু মেছ'পটেমিয়াৰ প্ৰাচীন ধৰ্মসমূহৰ সৈতে মিল থকা এক ধৰ্মবিশ্বাসী লোক। তেওঁলোকৰ প্ৰধান বসতিস্থল উত্তৰ ইৰাকৰ 'Nineveh Province' অঞ্চল। ইয়াৰ উপৰিও আৰ্মেনিয়া, জৰ্জিয়া আৰু ছিৰিয়াত থকা এই জাতিৰ লোকসকলে ইউৰোপৰ বিভিন্ন অঞ্চললৈ প্ৰব্ৰজন কৰাৰ ফলত এই অঞ্চলবোৰত তেওঁলোকৰ সংখ্যা হ্ৰাস পাইছে।
আন্তঃগাঁথনি
ঐতিহাসিকভাৱে য়াজিদিসকল বৰ্তমানৰ ইৰাক, ছিৰিয়া আৰু তুৰ্কীত বাস কৰিছিল। তদুপৰি আৰ্মেনিয়া আৰু জৰ্জিয়াতো এই ধৰ্মাৱলম্বী বহুলোক বাস কৰিছিল। অৱশ্যে বিংশ শতিকাৰ বিভিন্ন হিংসাত্মক ঘটনাই তেওঁলোকৰ আন্তঃগাঁথনিত যথেষ্ট বিৰূপ প্ৰভাৱ পেলায় আৰু বহু অঞ্চলৰ পৰা প্ৰব্ৰজন বৃদ্ধি পায়। ইয়াৰ ফলত তেওঁলোকৰ প্ৰকৃত জনসংখ্যাৰ সম্পৰ্কে কোনো বিশ্বাসযোগ্য তথ্য পোৱা নাযায়।
ইতিহাস
য়াজিদিসকল প্ৰধানকৈ কূৰ্দিছ ভাষী। তেওঁলোকৰ ধৰ্ম ইৰাণী ধৰ্মসমূহৰ এটা আৰু ই মেছ'পটেমিয়াৰ ধৰ্মীয় বিশ্বাস তথা খ্ৰীষ্টান আৰু ইছলাম ধৰ্মৰ বিভিন্ন উপাদানৰ সানমিহলি হৈ গঠন হোৱা। কূৰ্দিছৰ লগতে য়াজিদিসকলৰ বহুতেই আৰবী ভাষা ব্যৱহাৰ কৰে। তেওঁলোকৰ প্ৰধান তীৰ্থস্থান হৈছে মছুল (Mosul) ৰ উত্তৰ-পূবত থকা লালিছ (Lalish) নামৰ অঞ্চলটো।
ধৰ্মবিশ্বাস
য়াজিদিসকলে ঈশ্বৰক পৃথিৱীৰ স্ৰষ্টা জ্ঞান কৰে। ঈশ্বৰৰ অধীনত সাতগৰাকী দেৱী ("holy beings" or angels) এ পৃথিৱীৰ চোৱাচিতা কৰে বুলি ধাৰণা কৰা হয়। ইয়াৰে এগৰাকী হৈছে মেলেক টাওছ (Melek Taus) যাক ময়ূৰ দেৱী ("Peacock Angel") বুলি কোৱা হয়।
ভৌগোলিক বিস্তাৰ


য়াজিদিসকলৰ সৰহসংখ্যকেই ইৰাকত বাস কৰে। ইৰকৰ জনসংখ্যাৰ সংখ্যলঘুসকলৰ ভিতৰত য়াজিদিসকল অন্যতম। এওঁলোকৰ বৰ্তমানৰ জনসংখ্যা ৭০,০০০-৫০০,০০০ বুলি অনুমান কৰা হয়। তেওঁলোক প্ৰধানকৈ উত্তৰ ইৰাকৰ Neneveh province ত বসবাস কৰে। শ্বেখান (Shekhan), উত্তৰ-পূব মছুল ( Mosul) আৰু চিনজাৰ (Sinjar) এওঁলোকৰ সংখ্যা অধিক। বিংশশতিকাত চিনজাৰবাসীসকলৰ সৈতে শ্বেখানবাসী য়াজিদিসকলে ক্ষমতাৰ বাবে যুঁজ দিবগীয়াত পৰে। ২০০৩ চনত আৰম্ভ হোৱা ইৰাক যুদ্ধ আৰু ছাদ্দাম হুছেইনৰ পতনৰ পিছৰ পৰা য়াজিদিসকল নানা সংকটৰ সন্মুখীন হৈছে আৰু তেওঁলোকৰ সমগ্ৰ আন্তঃগাঁথনিৰ বিস্তৰ পৰিৱৰ্ত্তন সাধন হৈছে।
শেহতীয়া ঘটনা
ইৰাক যুদ্ধৰ আৰম্ভণিৰ পিছত ২০০৭ চনৰ আগষ্টত কাহটানিয়া (Qahtaniya) নামৰ অঞ্চলটোত হোৱা নিৰ্বিচাৰ বোমা বিস্ফোৰণত প্ৰায় ৫০০ য়াজিদি লোক মৃত্যুমুখত পৰে। ২০০৯ চনৰ আগষ্টত উত্তৰ ইৰাকত ঘটা অন্য এটা আত্মঘাতী বোমা বিস্ফোৰণত কমেও ২০জন য়াজিদিৰ মৃত্যু হয় আৰু অন্য বহুতো লোক আঘাতপ্ৰাপ্ত হয়।
চালাফিষ্ট উগ্ৰপন্থী দল (Salafist militant group)-এ এই য়াজিদিসকলক চয়তানৰ উপাসক বুলি গণ্য কৰি ২০১৪ চনৰ আগষ্ট মাহত য়াজিদি সমকলৰ প্ৰধান বাসস্থান চিনজাৰ অধিকাৰ কৰি লয়। এই ঘটনাৰ ফলত প্ৰায় ৫০,০০০ য়াজিদি লোকে কাষৰীয়া পৰ্বতমালালৈ পলায়ন কৰিবলৈ বাধ্য হয়। আতংকবাদীৰ ভাবুকি আৰু খাদ্যদ্ৰব্যৰ অভাৱত জীয়াতু ভোগা য়াজিদি লোকসকলে সমগ্ৰ বিশ্বতে সংবাদমাধ্যমৰ দৃষ্টি আকৰ্ষণ কৰিছে আৰু আন্তঃৰাষ্ট্ৰীয় সহানুভূতি লাভ কৰিছে। পৰৰ্ৱত্তী ঘটনাক্ৰমৰ ওপৰত নজৰ দি আমেৰিকাৰ ৰাষ্ট্ৰপতি বাৰাক ওবামাই এই লোকসকলৰ বাবে চিনজাৰ পৰ্বতমালাত সাহায্য বিতৰণৰ লগতে ইৰাকী উগ্ৰপন্থীৰ ওপৰত আক্ৰমণৰো পদক্ষেপ লৈছে। ২০১৪ চনৰ ৭ আগষ্টৰ পৰা এই পদক্ষেপ কাৰ্যকৰী কৰা হৈছে।
লগতে চাওক
- Cumont, Franz. Oriental Religions in Roman Paganism. New York: Dover Publications, 1956, p. 152-153.
- Drower, E.S. [E.S. Stevens]. Peacock Angel. Being Some Account of Votaries of a Secret Cult and their Sanctuaries. London: John Murray, 1941.
- Joseph, I. "Yezidi Texts". The American Journal of Semitic Languages and Literatures, 1908–1909/XXV, 2, pp. 111–156.
- Kreyenbroek, F.G. "Yezidism - its Background, Observances and Textual Tradition". Texts and Studies in Religion, 62. Lewiston, Queenston and Lampeter: Edwin Mellen Press, 1995.
- Kurdoev, K.K. "Ob alfavite ezidskikh religioznykh knig" (Report on the alphabet of the Yezidi religious books). Pis'mennye pamiatniki i problemy istorii kul'tury narodov Vostoka. VIII godichnaia nauchnaia sessiia LO IV AN SSSR. Leningrad, 1972, pp. 196–199. In Russian.
- Kurdoev, K.K. "Ob avtorstve i iazyke religioznykh knig kurdov XI–XII vv. predvaritel'noe soobshchenie" (Preliminary report on the Yezidi religious books of the eleventh-twelfth centuries: their author and language). VII godichnaia nauchnaia sessiia LO IV AN SSSR. Leningrad, 1971, pp. 22–24. In Russian.
- Marie, A. 1911. "La découverte récente des deux livres sacrés des Yêzîdis". Anthropos, 1911/VI, 1. pp. 1–39.
- Menzel, Th. "Yazidi, Yazidiya" in Encyclopaedia of Islam.
- Omarkhali, Kh. "Yezidizm. Iz glubini tisyachaletiy" (Yezidism. From the early millennia). Sankt Peterburg, 2005. In Russian.
- Omarkhali, Kh. "Yezidism: Society, Symbol, Observance". Istanbul, 2007. In Kurdish.
- Reshid, T. Yezidism: historical roots Archived 2009-06-09 at the Wayback Machine, International Journal of Yezidi Studies, January 2005.
- Reshid, R., Etnokonfessionalnaya situasiya v sovremennom Kurdistane. Moskva-Sankt-Peterburg: Nauka, 2004, p. 16. In Russian.
- Rodziewicz, A., Yezidi Eros. Love as The Cosmogonic Factor and Distinctive Feature of The Yezidi Theology in The Light of Some Ancient Cosmogonies, Fritillaria Kurdica Archived 2014-04-07 at the Wayback Machine, 2014/3,41, pp. 42–105.
- Rodziewicz, A., Tawus Protogonos: Parallels between the Yezidi Theology and Some Ancient Greek Cosmogonies, Iran and the Caucasus, 2014/18,1, pp. 27–45.
- Wahbi, T., Dînî Caranî Kurd, Gelawej Journal, N 11-12, Baghdad, 1940, pp. 51–52. In Kurdish.
- Williams, Kayla, and Michael E. Staub. 2005. Love My Rifle More Than You. W.W. Norton, New York. ISBN 0-393-06098-5
- Ph.G. Kreyenbroek in collaboration with Z. Kartal, Kh. Omarkhali, and Kh.J. Rashow. Yezidism in Europe: Different Generations Speak about their Religion. Wiesbaden, 2009.
- Omarkhali Khanna in collaboration with Kovan Khanki. A method of the analysis of the Yezidi Qewls: On the example of the religious hymn of Omar Khala and Hesin Chineri. Avesta, Istanbul, 2009.
- Salman H Haji, Pharmacist, Lincoln NE US
বাহ্যিক সংযোগ
- "Who, What, Why: Who are the Yazidis?" BBC News Magazine Monitor, 7 August 2014
- Les Ezidis de France
- Der Jesidismus ein Beispiel für religiösen Synkretismus
- An Inquiry into the Religious Tenets of the Yezeedees by George Percy Badger (1852).
- Devil Worship: The Sacred Books and Traditions of the Yezidiz by Isya Joseph (1919).
- Fritillaria Kurdica Archived 2014-04-07 at the Wayback Machine free issue of bulletin devoted to Yezidis (2014).
- Yezidism: Its Background, Observances and Textual Tradition by Philip G. Kreyenbroek (1995). ISBN 0-7734-9004-3.
- Shaikh 'Adi, Sufism and the Kurds, by Dr. Zourab Aloian.
- "Al-Hallaj in Yezidi Tradition", essay on al-Hallaj, presented by Dr. Zorab Aloian at the 35th International Congress of Asian and North African Studies, Budapest (July 1997).
- "Being Yezidi", on Yezidi identity politics in Armenia, by Onnik Krikorian, first published by Transitions Online (2004).
- Lost in Translation, interviews with Yazidi by Michael Yon in Yezdinar Village, Iraq (June 6, 2005).
- The Beginning of the Universe Archived 2007-12-22 at the Wayback Machine, photos and a description of Yezidi life in Lalish, Iraq, by Michael J. Totten (February 22, 2006).
- "Armenia: Yezidi Identity Battle" by Onnik Krikorian, in Yerevan, Institute for War & Peace Reporting (2 November 2006).
- Yazidi and Yazdani
- Yezidi Web (via the Wayback Machine)
- "[1]", Alternative Religions profile at About.com.
- Rubin, Alissa J. (2007-10-14). "Persecuted Sect in Iraq Avoids Its Shrine". The New York Times. http://www.nytimes.com/2007/10/14/world/middleeast/14iraq.html। আহৰণ কৰা হৈছে: 2009-08-04.
- "Murder of Yezidi woman - Arzu Ö.'s brother faces life in prison (German)". Spiegel Online. 2012-05-16. http://www.spiegel.de/panorama/justiz/ehrenmord-in-detmold-bruder-von-arzu-oe-soll-lebenslang-in-haft-a-833535.html। আহৰণ কৰা হৈছে: 2012-05-27.
- "The Role of the Father - Honor Killing Verdict Has Prosecutors Wanting More (English)". Spiegel Online. 2012-05-24. http://www.spiegel.de/international/germany/prosecutors-focus-on-father-in-german-honor-killing-case-a-834752.html। আহৰণ কৰা হৈছে: 2012-05-27.
