factograf
AS

ফাৰ্ণ

ফাৰ্ণ

ঢেঁকীয়া বৰ্গৰ উদ্ভিদ বা ফাৰ্ণ (ইংৰাজী: Fern) হৈছে সংবহন উদ্ভিদৰ এটা গোট (জাইলেম আৰু ফ্ল'ইম থকা উদ্ভিদ) যিয়ে ৰেণুৰ জৰিয়তে বংশবৃদ্ধি কৰে আৰু ইয়াৰ বীজ বা ফুল নাথাকে। ইহঁতৰ সংবহন কলা অৰ্থাৎ পানী আৰু পুষ্টিকৰ পদাৰ্থ পৰিবাহী কৰা বিশেষ কলা থকাৰ বাবে আৰু শাখাযুক্ত স্প’ৰ’ফাইট প্ৰধান পৰ্যায় হোৱা জীৱনচক্ৰ থকাৰ বাবে ইহঁতৰ পৰা পৃথক।

ফাৰ্ণৰ মেগাফিল নামৰ জটিল পাত থাকে। ফাৰ্ণক ১০,৫৬০ প্ৰজাতিত অন্তৰ্ভুক্ত কৰা হৈছে। 'পচিডা, লেপ্ট'স্প'ৰঞ্জিয়েট, 'ইড ফাৰ্ণ আৰু অফিঅ'গ্ল'ছ'ইড ফাৰ্ণ অন্তৰ্ভুক্ত।

প্ৰায় ৩৬ কোটি বছৰ আগতে ডেভ’নিয়ান যুগৰ শেষৰ ফালে ফাৰ্ণ প্ৰথমবাৰৰ বাবে জীৱাশ্মৰ অভিলেখত পোৱা যায়, কিন্তু জীৱিত ফাৰ্ণৰ বৈচিত্ৰ্যৰ ৮০% গঠন কৰা গোট পলিপ’ডিয়ালেছে ক্ৰিটেচিয়াছ যুগলৈকে আবিৰ্ভাৱ হোৱা নাছিল।

Read next

In 106 languages

Text from Wikipedia, CC BY-SA 4.0 · Source article