প্ৰিয়ংকা গোস্বামী (ইংৰাজী: Priyanka Goswami; জন্ম: ১০ মাৰ্চ ১৯৯৬) এগৰাকী ভাৰতীয় খেলুৱৈ। তেওঁ ২০ কিলোমিটাৰ ৰেচ ৱাকত অংশগ্ৰহণ কৰে। টকিঅ' অলিম্পিকত ভাৰতক প্ৰতিনিধিত্ব কৰি তেওঁ ১৭ নম্বৰ স্থান দখল কৰিছিল। ২০২২ চনৰ কমনৱেলথ গেমছত তেওঁ ১০০০০ মিটাৰ খোজকাঢ়ি ৰূপৰ পদক লাভ কৰিছিল। তেওঁ ১০,০০০ মিটাৰ ইভেণ্টত ৰূপৰ পদক লাভ কৰি ৰেচ ৱাকত পদক লাভ কৰা প্ৰথমগৰাকী ভাৰতীয় মহিলা হিচাপে পৰিগণিত হয়।
জীৱন পৰিক্ৰমা
গোস্বামীয়ে এথলেটিকছলৈ অহাৰ পূৰ্বে কেইমাহমানৰ বাবে স্কুলত জিমনাষ্টিক অনুশীলন কৰিছিল। সফল প্ৰতিযোগীসকলৰ বাবে আগবঢ়োৱা পুৰস্কাৰৰ বাবেই তেওঁ দৌৰাৰ প্ৰতি আকৰ্ষিত হৈছিল।
২০২১ চনৰ ফেব্ৰুৱাৰী মাহত তেওঁ ২০ কিলোমিটাৰ দৌৰত ভাৰতীয় ৰেচৱাকিং চেম্পিয়নশ্বিপ জয় কৰি ১:২৮.৪৫ ৰ নতুন ভাৰতীয় অভিলেখ গঢ়ি ২০২০ চনৰ গ্ৰীষ্মকালীন অলিম্পিকলৈ যোগ্যতা অৰ্জন কৰে। ইয়াৰ পূৰ্বে ২০১৭ চনত তেওঁ ইণ্ডিয়ান ৰেচৱাকিং চেম্পিয়নশ্বিপ খিতাপ লাভ কৰিছিল।
তেওঁ ভাৰতীয় ৰে'লৱেৰ অ' এছ হিচাপে কৰ্মৰত।
