পেশী (ইংৰাজী: Muscle) হৈছে অধিকাংশ প্ৰাণীৰ দেহত থকা এক প্ৰকাৰৰ কোমল কলা। পেশী কোষবোৰ প্ৰটিনযুক্ত এক্টিন আৰু মায়চিন সূত্ৰৰে গঠিত। এই সূত্ৰহোৰৰ সংকোচনৰ বাবে পেশী কোষবোৰৰ আকাৰ আৰু আকৃতিৰ পৰিবৰ্তন হয়। বলৰ উৎপাদন কৰা আৰু চলন ক্ষমতা প্ৰদান কৰা হৈছে পেশীৰ কাৰ্য। দেহৰ ভিন্ন অৱস্থান, চলাচল, লগতে দেহৰ আভ্যন্তৰিণ অংগৰ সঞ্চালন, যেনে হৃদযন্ত্ৰৰ সংকোচন-সম্প্ৰসাৰণ আৰু পৌষ্টিক নলীৰ মাজেৰে খাদ্যৰ পৰিবহণ আদিৰ পেশীয়ে নিয়ন্ত্ৰণ কৰে।
পেশী কলা ভূণীয় বীজ কোষ মধ্যস্ত্বকীয় তৰপৰ পৰা মায়জেনেছিচ নামৰ প্ৰক্ৰিয়াৰ জৰিয়তে সৃষ্টি হয়। পেশী তিনি প্ৰকাৰৰ, কংকালীয়, হৃদ্, আৰু মৃসন। পেশীৰ কাৰ্য ঐচ্ছিক বা অনৈচ্ছিক হব পাৰে। হৃদ্ আৰু মৃসন পেশীৰ সঞ্চালনৰ লগত প্ৰাণীৰ ইচ্ছা জড়িত নাথাকে বাবে ইয়াক অনৈচ্ছিক, আৰু কংকালীয় পেশীবোৰ ইচ্ছা মতে সঞ্চালিত হয় বাবে ইয়াক ঐচ্ছিক বোলা হয়। কংকালীয় পেশীক ক্ষিপ্ৰ আৰু মন্থৰ সঞ্চালিত আঁহ হিচাপে ভাগ কৰা হয়।
পেশীয়ে কাৰ্য কৰাৰ বাবে বল চৰ্বী আৰু শৰ্কৰা দহনৰ ফলত উৎপন্ন শক্তিৰ পৰা লাভ কৰে, কিন্তু অৱায়বীয় ৰাসায়নিক বিক্ৰিয়াত উৎপন্ন শক্তিও ব্যৱহৃত হয়, বিশেষকৈ ক্ষিপ্ৰ সঞ্চালিত আঁহে ব্যৱহাৰ কৰে। এনে ৰাসায়নিক বিক্ৰিয়াৰ ফলত এডেনচিন ট্ৰাইফচফেট (ATP) অনু উৎপন্ন কৰে যিবোৰে মায়চিন শীৰ্ষৰ সঞ্চালনৰ বাবে শক্তিৰ যোগান ধৰে।
পেশীৰ ইংৰাজী muscle শব্দটো লেটিন শব্দ musculus যাৰ অৰ্থ "ক্ষুদ্ৰ নিগনি"ৰ পৰা আহৰণ কৰা হৈছে, কিয়নো নিৰ্দিষ্ট পেশীৰ আকৃতি বা সঞ্চালিত পেশীবোৰ ছালৰ ভিতৰেদি নিগনি ঘূৰি ফুৰা যেন দেখি।
মানুহৰ পেশীতন্ত্ৰ
মানুহৰ শৰীৰৰ মুঠ ওজনৰ প্ৰায় ৪০–৫০% ভাগেই পেশীৰ ওজন। পেশীবোৰ মধ্যস্তৰৰ পৰা সৃষ্টি হোৱা এবিধ বিশেষ কলা। উদ্দীপিত হোৱা, সংকোচনশীলতা, প্ৰসাৰণতা, স্থিতিস্থাপকতা আদি পেশীবোৰৰ প্ৰধান চাৰিত্ৰিক বৈশিষ্ট্য। পেশী গঠনকাৰী কোষবোৰ দীঘল, লাহী আৰু দেখাত দীঘল আঁহৰ দৰে। এইবোৰক সাধাৰণতে পেশীতন্তু (Muscle fibers) বোলা হয়। পেশীতন্তুবোৰত থকা বিশেষ কোষপ্ৰৰসখিনিক চাৰ্ক’প্লাজম (Sarcoplasm) বোলা হয়। পেশীকোষত থকা অন্তঃপ্ৰৰসীয় জালিকাক চাৰ্ক’প্লাজমিক জালিকা (Sarcoplasmic reticulum) বোলা হয়। পেশীকোষৰ মাইট’কন্দ্ৰিয়াক চাৰ্ক’জম (Sarcosomes) বোলা হয়। পেশীৰ কোষপ্ৰৰসত দীঘলে দীঘলে অনেক পেশীসূত্ৰিকা (Myofibril) থাকে। এই পেশীসূত্ৰিকাবোৰক এখন পাতল আৱৰণে বেঢ়ি সম্পূৰ্ণ এডাল তন্তু গঠন কৰে।
গঠন, অৱস্থিতি আৰু কাৰ্যৰ ওপৰত নিৰ্ভৰ কৰি পেশীবোৰক তিনিটা ভাগত ভগাব পাৰি:
- ৰেখিত বা কংকাল পেশী (Stripped or Skeletal muscle)
- অৰেখিত পেশী বা মিহি পেশী (Unstripped or Smooth muscle)
- হৃদপেশী (Cardiac muscle)
ৰেখিত বা কংকাল পেশী
এই পেশীবোৰ কণ্ডৰাৰ দ্বাৰা হাড়ৰ লগত সংযুক্ত হৈ থাকে। এইবোৰ পেশীৰ সঞ্চালনে কংকালতন্ত্ৰৰ লগত সংযুক্ত অংগবোৰৰ লৰাচৰা কাৰ্যত সহায় কৰে। এই পেশীবোৰ ইচ্ছাপূৰ্বক লৰাচৰা কৰিব পাৰি বাবে এইবোৰক ঐচ্ছিক পেশী (Voluntary muscle) বোলা হয়। লঘু অণুবীক্ষণ যন্ত্ৰত পৰ্যবেক্ষণ কৰিলে এই পেশীবোৰত কিছুমান ডাঠ আৰু পাতল ৰঙৰ পতি দেখিবলৈ পোৱা যায়।
মসৃণ বা অৰেখিত পেশী
এইবোৰ পেশীক অন্তৰাংগীয় (Visceral) পেশীও বোলা হয়। এই পেশীবোৰ অন্তৰাংগীয় অংগ, যেনে, পাকস্থলী, অন্ত্ৰ, মূত্ৰবাহী নলী, বৃক্ক, ৰক্তবাহিকা, প্ৰজনন নলী আদিৰ বেৰত পোৱা যায়। এইবোৰে ৰেখাংকন নেদেখুৱাই মসৃণ প্ৰকৃতিৰ। সেয়েহে এইবোৰক মসৃণ বা অৰেখিত পেশী বোলা হয়। ইহঁতৰ কাৰ্যকলাপ ঐচ্ছিক ভাবে নিয়ন্ত্ৰণ কৰিব নোৱাৰি বাবে এইবোৰক অনৈচ্ছিক পেশী বোলা হয়। অৰেখিত পেশীকোষবোৰ দীঘলীয়া, মহুৰা আকৃতিৰ আৰু এককোষীয়। ইহঁতৰ কোষকেন্দ্ৰটো কেন্দ্ৰৰ পিনে অৱস্থিত, চাৰ্কপ্লাজমৰ পৰিমাণ কম আৰু পেশীতন্তুবোৰৰ চাৰ্কলেমা নেথাকে। ইহঁতৰ প্ৰত্যেকটো পেশীতন্তু অসংখ্য পেশীসূত্ৰিকাৰ দ্বাৰা গঠিত। মসৃণ পেশী কোষবোৰ স্বয়ংক্ৰিয় স্নায়ুতন্ত্ৰৰ লগত সংযুক্ত হৈ থাকে।
হৃদপেশী
হৃদপিণ্ডতহে অকল হৃদপেশী পোৱা যায়। হৃদপিণ্ডৰ তন্তুবিলাকতো গাঢ় আৰু পাতল ৰঙৰ পতি থাকে। হৃদপিণ্ডৰ তন্তু একোডালত একোটাকৈ কোষকেন্দ্ৰ থাকে আৰু প্ৰত্যেকডাল তন্তু প্ৰশাখাযুক্ত। প্ৰশাখাবোৰে পৰস্পৰে পৰস্পৰৰ লগত মিলিত হৈ জালিকাৰ সৃষ্টি কৰে, যাৰ ফলত উত্তেজনা এডাল তন্তুৰ পৰা আন এডাল তন্তুলৈ বিয়পি যাব পাৰে। এই পেশীবোৰৰ তন্তুবোৰ চুঙা আকৃতিৰ। হৃদপিণ্ডৰ পেশীবোৰ ৰেখিত যদিও অনৈচ্ছিক। হৃদপেশী কোষবোৰত অসংখ্য মাইট’কন্দ্ৰিয়া থাকে। পেশী কোষবোৰ এটাই আনটোৰ লগত অন্তৰ্বিষ্ট থালৰ দ্বাৰা সংযুক্ত হৈ থাকে। অন্তৰ্বিষ্ট থালবোৰ প্ৰকৃততে দুটা কোষৰ অন্তৰ্বৰ্তী স্থান।
