চুদান (আৰবী: السودان, Sūdān), আনুষ্ঠানিকভাৱে চুদান গণৰাজ্য, উত্তৰ-পূৱ আফ্ৰিকাৰ এখন দেশ। ইয়াৰ উত্তৰত মিচৰ, পশ্চিমত চাদ, উত্তৰ-পশ্চিমত লিবিয়া, পূৱত লোহিত সাগৰ, দক্ষিণ-পূৱত ইৰিত্ৰিয়া আৰু ইথিঅ'পিয়া, আৰু দক্ষিণত দক্ষিণ চুদান অৱস্থিত। ২০২৪ চনৰ হিচাপত চুদানৰ জনসংখ্যা ৫ কোটি আৰু ইয়াৰ আয়তন ১,৮৮৬,০৬৮ বৰ্গ কিলোমিটাৰ (৭২৮,২১৫ বৰ্গমাইল), যাৰ ফলত ই আফ্ৰিকাৰ তৃতীয় বৃহত্তম দেশ আৰু আৰব লীগৰ তৃতীয় বৃহত্তম দেশ। ২০১১ চনত দক্ষিণ চুদান বিচ্ছিন্ন হোৱাৰ আগলৈকে আফ্ৰিকা আৰু আৰব লীগৰ ক্ষেত্ৰফল অনুসৰি ই আছিল সৰ্ববৃহৎ দেশ; তেতিয়াৰ পৰাই দুয়োটা খিতাপ আলজেৰিয়াৰ হাতত আছে। চুদানৰ ৰাজধানী আৰু জনবহুল চহৰখন হৈছে খাৰ্তুম।
তথ্যসূত্ৰ
উদ্ধৃতি ত্ৰুটি: <ref> টেগ্সমূহ "টোকা" নামৰ এটা গোটৰ বাবে আছে, কিন্তু তাৰ <references group="টোকা"/> টেগ্ পোৱা নগ'ল
