factograf
AS

গতি

গতি

পদাৰ্থ বিজ্ঞানৰ সূত্ৰ অনুসৰি গতি বা চলনৰ (ইংৰাজী: Motion) অৰ্থ হ'ল কোনো এক বস্তুৱে সময়ৰ সৈতে স্থান সলনি কৰা।

দ্ৰুতি

দ্ৰুতি হ'ল কোনো বিন্দুৰ প্ৰতি একক সময়ত হোৱা স্থানৰ পৰিবৰ্তনৰ হাৰৰ এক অদিশ ৰাশি। অৰ্থাৎ এটি বস্তুৰ গতিৰ হাৰক দ্ৰুতি বোলা হয়। যিহেতু গতিশীল বস্তু এটাৰ দ্ৰুতি সাধাৰণতে সমান হৈ নাথাকে, সেয়েহে গড় দ্ৰুতি উলিওৱা হয়। গড় দ্ৰুতি = মুঠ দূৰত্ব / মুঠ সময়

বেগ

বেগ হ'ল যিকোনো এটা গৈ থকা বস্তুৱে কিমান জোৰে গতি কৰিছে তাৰ পৰিমাণ বুজোৱা এটা ধ্ৰুৱক, যাৰ দিশ বস্তুটোৱে গতি কৰা দিশৰ সৈতে একে। দ্ৰুতিৰ দৰে এটি বস্তুৰ গতিৰ সময়ত বেগো সলনি হয়, সেয়েহে, গড় বেগ উলিওৱা হয়। গড় বেগ = সৰণ / মুঠ সময়

ত্বৰণ

গতিবেগ সলনি হোৱাৰ হাৰকে ত্বৰণ বোলে। ত্বৰণ = (অন্তিম বেগ - প্ৰাৰম্ভিক বেগ) / সময়।

গতিৰ ৩ বিধান

প্ৰথম বিধান

গতিৰ ১ম বিধানৰ মতে সকলো বস্তুৱে তাৰ চলনৰ অৱস্থাত অহা যিকোনো সালসলনিৰ বিৰোধিতা কৰে। অৰ্থাৎ বাহিৰা বলে ক্ৰিয়া নকৰিলে গতিশীল বস্তু একে গতিতে বা স্থিতিশীল বস্তু একে স্থিতিতে থাকিবলৈ প্ৰয়াস কৰে।

কোনো বস্তুৰ স্থান পৰিবৰ্তনৰ জোখক সৰণ বোলে। গাণিতিকভাবে, সুষম বেগত (v) গৈ থকা বস্তু এটাৰ বাবে

সৰণ {\displaystyle s=vt} য'ত v = বস্তুটোৰ বেগ আৰু t = সময়।

দ্বিতীয় বিধান

গতিৰ ২য় বিধানৰ মতে যেতিয়া কোনো বলে এটি বস্তুত কাম কৰে, বস্তুটোৰ গতিত ত্বৰণ দেখা যায়, আৰু বস্তুটোৰ ভৰ যিমানেই বেছি হ'ব, বস্তুটোৰ গতিত ত্বৰণ আনিবলৈ সিমানেই বল দিব লাগিব। ২য় বিধানে আমাক বলৰ পৰিমাণ জনাত সহায় কৰে। ২য় বিধানে কয় যে, ৰৈখিক ভৰবেগৰ সলনিৰ হাৰ, বস্তুটোত প্ৰয়োগ কৰা বাহ্যিক বলৰ সমানুপতিক। যদি F বল প্ৰয়োগ কৰি m ভৰৰ বস্তু এটাৰ বেগ t সময়ত uৰ পৰা vলৈ সলোৱা হ'ল ত্বৰণ a ৰে,

{\displaystyle F\propto {mv-mu \over t}}

{\displaystyle \Rightarrow F\propto {m(v-u) \over t}}

{\displaystyle \Rightarrow F\propto ma} কাৰণ ত্বৰণ {\displaystyle a={v-u \over t}}

{\displaystyle \Rightarrow F=kma} য'ত k এটা সমানুপাতিক ধ্ৰুবক

এতিয়া যদি আমি এক একক ভৰ (m) -অৰ ওপৰত ক্ৰিয়া কৰি এক একক ত্বৰণ (a) উৎপন্ন কৰা বলকে (F) একক বল বুলি লওঁ অৰ্থাৎ F = m = a = 1 ধৰোঁ যাতে k = 1 হৈ পৰে, তেন্তে বলৰ সংজ্ঞা হ'ব

{\displaystyle F=ma}

উদাহৰণ স্বৰূপে MKS পদ্ধতিত বলৰ একক হৈছে "নিউটন।" সেয়ে এক নিউটন বলৰ সংজ্ঞা হ'ব যে ১ কিলোগ্ৰাম ভৰৰ কোনো বস্তুৰ ওপৰত ক্ৰিয়া কৰি ১ মিটাৰ প্ৰতি বৰ্গ ছেকেণ্ড ত্বৰণ উৎপন্ন কৰা বলকে ১ নিউটন বল বুলি কোৱা হয়'।

দ্বিতীয় বিধানৰ পৰা প্ৰথম বিধান উলিওৱা

২য় বিধানৰ মতে, F=ma। ১ম বিধানৰ মতে যদি

{\displaystyle F=0}

{\displaystyle \Rightarrow }{\displaystyle ma=0}

{\displaystyle \therefore a=0}

অৰ্থাৎ যদি মুঠ বল=০, কোনো ত্বৰণ দেখা নাযায়, ৰৈ থকা বস্তু ৰৈ থাকিব, আৰু গৈ থকা বস্তু সমান বেগেৰে গৈ থাকিব।

তৃতীয় বিধান

৩য় বিধানৰ মতে, যদি কোনো বস্তুৱে দ্বিতীয় বস্তুৰ ওপৰত বল দিয়ে, ২য় বস্তুটোৱেও ১ম বস্তুটোৰ ওপৰত সমানেই বল দিয়ে, কিন্তু বলৰ দিশ সদায় ওলোটা হয়।

গতিৰ ৩ সমীকৰণ

যদি কোনো বস্তুৰ 't' সময়ত 'a' ত্বৰণৰে 's' দূৰত্ব অতিক্ৰম কৰোঁতে (সৰণ) বেগ, 'u'ৰ পৰা 'v'লৈ সলনি হয় ( {\displaystyle v_{a}} হ'ল গড় বেগ) তেন্তে গতিৰ সমীকৰণ ৩টা হব---------

{\displaystyle {\begin{array}{lcr}1)v=u+at\\(a={v-u \over t}\\\Rightarrow at=v-u\\\Rightarrow at+u=v\\\Rightarrow v=at+u)\end{array}}} {\displaystyle {\begin{array}{lcr}2)s=u+{1 \over 2}at^{2}\\(v_{a}={u+u+at \over 2},\because v=u+at\\\Rightarrow v_{a}={2u+at \over 2}\\\Rightarrow v_{a}={2u \over 2}+{at \over 2}\\\Rightarrow v_{a}=u+{1 \over 2}at\cdots [1]\\s=v_{a}\cdot t\\\Rightarrow s=u+{1 \over 2}at\cdot t\\\Rightarrow s=u+{1 \over 2}at^{2})\end{array}}} {\displaystyle {\begin{array}{lcr}3)2as=v^{2}-u^{2}\\(v=u+at\\\Rightarrow at=v-u\\\Rightarrow t={v-u \over a}\cdots [1]\\s=v_{a}\cdot t\\\Rightarrow s={u+v \over 2}\times {v-u \over a}\\\Rightarrow 2as=(v+u)(v-u)\\\Rightarrow 2as=v^{2}-u^{2})\end{array}}}

Read next

In 108 languages

Text from Wikipedia, CC BY-SA 4.0 · Source article