ইতিহাস
ৰোমানসকলে প্ৰথমে এপ্ৰিল মাহটো লেটিন ভাষাত এপ্ৰিলিছ (Aprilis) নাম দিছিল যদিও এই নামৰ ব্যুৎপত্তি অনিশ্চিত। পৰম্পৰাগত ব্যুৎপত্তি অনুসৰি ইংৰাজী April শব্দটো এপেৰাইৰ (aperire) অৰ্থাৎ "উন্মুক্ত হোৱা" ক্ৰিয়াৰ পৰা আহিছে, ইয়ে ইংগিত দি যে এয়া হৈছে ফুল "ফুলিবলৈ" আৰম্ভ কৰা ঋতু, যিটো আধুনিক গ্ৰীকসকলে বসন্ত ঋতুৰ বাবে ব্যৱহাৰ কৰা άνοιξη (ánixi) (উন্মুক্ত হোৱা)ৰ সৈতে তুলনা কৰিব পাৰি। যিহেতু ৰোমান মাহবোৰৰ নাম তেওঁলোকৰ দেৱতাৰ সন্মানত ৰখা হৈছিল আৰু যিহেতু এই মাহটো দেৱী ভেনাছৰ বাবে পবিত্ৰ আছিল, তেওঁৰ ভেনেৰিয়া উৎসৱ এই মাহৰ প্ৰথম দিনাই অনুষ্ঠিত কৰা হৈছিল, সেয়েহে তেওঁৰ সমতুল্য গ্ৰীক দেৱী এফ্ৰ’ডাইট (Aphrodite) বা এট্ৰোষ্কান (Etruscan) ভাষাৰ এপ্ৰো (Apru) নামৰ পৰা মাহটোৰ নাম এপ্ৰিলিছ বা আদিতে এফ্ৰিলিছ দিয়া হৈছিল বুলি ধাৰণা কৰা হয়৷ জাৰ্মান লেখক জেকব গ্ৰিমে এপেৰ (Aper) বা এপ্ৰোছ (Aprus) নামৰ এজন কাল্পনিক দেৱতা বা নায়কৰ নামেৰে মাহটোৰ নাম এপ্ৰিল হোৱা বুলি পৰামৰ্শ দিছিল।
প্ৰতীক

এপ্ৰিল মাহৰ জন্মপাথৰ হীৰা। জন্ম ফুল হৈছে কমন ডেইজী (Bellis perennis) বা ছুইট পী (sweet pea)। ৰাশি হৈছে মেষ (১৯ এপ্ৰিললৈকে) আৰু বৃষ (২০ এপ্ৰিলৰ পৰা)।
দিৱস
- ১ এপ্ৰিল: এপ্ৰিল ফুল দিৱস
- ২ এপ্ৰিল: আন্তঃৰাষ্ট্ৰীয় শিশুৰ গ্ৰন্থ দিৱস
- ৩ এপ্ৰিল: বাংলাদেশৰ জাতীয় চলচ্চিত্ৰ দিৱস
- ৪ এপ্ৰিল: হংকং আৰু টাইৱানৰ শিশু দিৱস
- ৫ এপ্ৰিল: পেলেষ্টাইনৰ শিশু দিৱস
- ৬ এপ্ৰিল: ইণ্ডোনেচিয়াৰ ৰাষ্ট্ৰীয় মাছমৰীয়া দিৱস
- ৭ এপ্ৰিল: বিশ্ব স্বাস্থ্য দিৱস
- ৮ এপ্ৰিল: আন্তৰ্জাতিক ৰোমানি দিৱস
- ৯ এপ্ৰিল: জৰ্জিয়াৰ ৰাষ্ট্ৰীয় একতা দিৱস
- ১০ এপ্ৰিল: আন্তৰ্জাতিক ভাতৃ-ভগ্নী দিৱস
- ১১ এপ্ৰিল: ভাৰতৰ জাতীয় নিৰাপদ মাতৃত্ব দিৱস
- ১২ এপ্ৰিল: বলিভিয়াৰ শিশু দিৱস
- ১৩ এপ্ৰিল: ইকুৱেডৰৰ শিক্ষক দিৱস
- ১৪ এপ্ৰিল: আম্বেদকাৰ জয়ন্তী (ভাৰত)
- ১৫ এপ্ৰিল: সাৰ্বজনীন সংস্কৃতি দিৱস
- ১৬ এপ্ৰিল: বিশ্ব কণ্ঠ দিৱস
- ১৭ এপ্ৰিল: বিশ্ব হিমোফিলিয়া দিৱস
- ১৮ এপ্ৰিল: বিশ্ব ঐতিহ্য দিৱস
- ১৯ এপ্ৰিল: বাইচাইকেল দিৱস
- ২০ এপ্ৰিল: ৰাষ্ট্ৰসংঘৰ চীনা ভাষা দিৱস
- ২১ এপ্ৰিল: সতী সাধনী দিৱস (অসম, ভাৰত)
- ২২ এপ্ৰিল: বিশ্ব ধৰিত্ৰী দিৱস
- ২৩ এপ্ৰিল: বিশ্ব গ্ৰন্থ দিৱস
- ২৪ এপ্ৰিল: ৰাষ্ট্ৰীয় পঞ্চায়তী ৰাজ দিৱস (ভাৰত)
- ২৫ এপ্ৰিল: বিশ্ব মেলেৰিয়া দিৱস
- ২৬ এপ্ৰিল: বিশ্ব বৌদ্ধিক সম্পত্তি দিৱস
- ২৭ এপ্ৰিল: বিশ্ব গ্ৰাফিক ডিজাইন দিৱস
- ২৮ এপ্ৰিল: বাৰ্বাডোচৰ ৰাষ্ট্ৰীয় বীৰ দিৱস
- ২৯ এপ্ৰিল: আন্তৰ্জাতিক নৃত্য দিৱস
- ৩০ এপ্ৰিল: পাৰাগুৱেৰ শিক্ষক দিৱস
